আকৌ বাঢ়িল! বিগত ২৪ ঘণ্টাত ভাৰতত ৩৫ হাজাৰৰো অধিক আক্ৰান্ত কোৰোণাত

২৪ ঘণ্টাত ৩৫,১৭৮জন লোক আক্ৰান্ত হৈছে কোভিডত। মৃত্যু হৈছে ৪৪০জন লোকৰ।

 

দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত ৩৫ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ৩৫,১৭৮জন লোক আক্ৰান্ত হৈছে কোভিডত। মৃত্যু হৈছে ৪৪০জন লোকৰ।

Who is getting sick? A look at coronavirus risk by age, gender, and more

বিগত ২৪ ঘণ্টাত ৩৭,১৬৯জন লোক সুস্থ হৈ উঠিছে। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৩,৬৭,৪১৫জন। সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,১৪,৮৫,৯২৩ আৰু মৃতকৰ সংখ্যা ৪,৩২,৫১৯জন।

 

এতিয়ালৈকে দেশত কোৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩,২২,৮৫,৮৫৭জন। আইচিএমআৰৰ মতে, দেশত এতিয়ালৈ ৪৯,৮৪,২৭,০৮৩জন লোকৰ পৰীক্ষা কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১৭,৯৭,৫৫৯জন লোকৰ নমুনা সোমবাৰে পৰীক্ষা কৰা হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *