‘উচ্চতৰ মাধ্যমিকৰ আঠ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে উচিত মূল্যায়ন’

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ঘোষণা কৰা হ’ল । ফলাফল ঘোষণা কৰিলে ঠিকেই। কিন্তু আঠ হাজাৰ ছাত্ৰ-ছাত্ৰী ফলাফলক লৈ ন্যায় লাভ কৰা নাই বেটাৰমেণ্ট, ৰিপিটাৰ্ছ আৰু চাৰ্টেন পৰীক্ষাত প্ৰ-পত্ৰ পূৰণ কৰা ।

 

শিক্ষা সংসদৰ সৈতে সোমবাৰে বৈঠকত মিলিত আছুৰ প্ৰতিনিধি মূল্যায়নত দহ শতাংশ নম্বৰ বঢ়াই দিয়াৰ পিছতো শিক্ষাৰ্থীসকলৰ মাজত অসন্তুষ্টি থকাৰ বাবে বৈঠকৰ অন্তত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়– ‘এইবাৰ যিসকল ছাত্ৰ–ছাত্ৰীয়ে বেটাৰমেণ্ট বা ৰিপিটাৰ্ছ দিয়াৰ কথা আছিল, সেইসকল ছাত্ৰ–ছাত্ৰীৰ ক্ষেত্ৰত যি ফৰ্মুলা নিৰ্ধাৰণ কৰিছিল সেই ফৰ্মুলা মতে সঠিক নহয় বুলি অভিযোগ উত্থাপন কৰিছিল৷ তেওঁলোকে ন্যায় পোৱা নাই বুলি অভিযোগ কৰিছিল৷ সেই বিষয় লৈ আজি শিক্ষা সংসদৰ লগত আলোচনাত মিলিত হওঁ৷ খুউব সোনকালে এই বিষয় সন্দৰ্ভত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব৷ আমি আশাবাদী ছাত্ৰ–ছাত্ৰীসকলে ন্যায় পাব৷

 

 সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰে– ‘শিক্ষা সংসদক আমি সেইসকল ছাত্ৰ–ছাত্ৰীক ৰেগুলাৰ ছাত্ৰ–ছাত্ৰীৰ লেখিয়াকৈ নম্বৰ দিয়াৰ অনুৰোধ জনাইছিলোঁ, কিন্তু শিক্ষা সংসদে ফ্লেট ১০% বঢ়াই দিয়াৰ পোষকতাহে কৰিলে৷  ফলত তেওঁলোকে সঠিক নম্বৰ লাভ নকৰিলে৷ আজি এই বিষয়ত শিক্ষা সংসদৰ লগত আলোচনা কৰিছিলো৷ এক প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকক ন্যায় দিয়াৰ আশ্বাস দিছে সংসদে৷ ন্যায় দিবলৈ কাউন্সিলে এটা ফৰ্মুলা নিৰ্ধাৰণ কৰিব।

 

লগতে মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অতি সোনকালে এই সম্পৰ্কত শিক্ষা সংসদক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে তেওঁলোকে ন্যায় পোৱাৰ পোষকতা কৰে। তেওঁ কয়– ‘এটা অসামান্য পৰিৱেশত মূল্যাংকন উলিয়াই ফলাফল দিয়া হ’ল। সংসদক আমি ছাত্ৰ–ছাত্ৰীসকলক ন্যায় দিবৰ বাবে আবেদন জনাইছোঁ।’

 

Leave a Reply

Your email address will not be published. Required fields are marked *