এটি পাৰৰ পাখিত দেশৰ ২০গৰাকী মহিলা স্বাধীনতা সেনানীৰ প্রতিকৃতি অংকন

Today Guwahati News: হিমা ডেকাই এটা পাৰৰ পাখিত দেশৰ স্বাধীনতা সংগ্রামৰ প্রাতঃস্মৰণীয় কুৰিগৰাকী মহিলা সেনানীৰ প্রতিকৃতি অংকন৷ সাধাৰণ দৃষ্টিত দুঃসাধ্য৷ পিছে ঐকান্তিক সাধনা আৰু একাগ্রতাৰে এই অভিনৱ দৃষ্টিনন্দন শিল্পকর্ম সম্পন্ন কৰি দেশ–বিদেশৰ কলা অনুৰাগীৰ দ্বাৰা বহুলভাৱে প্রশংসিত হৈছে এগৰাকী প্রতিভাৱান অসম কন্যা৷

গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ জয়ানগৰ নামঘৰৰ চন্দ্রধৰ ডেকা আৰু প্রয়াত অনুপমা দাসৰ কন্যা হিমা ডেকা৷ ২৪ বছৰীয়া তৰুণী হিমা ডেকাই নিজৰ শিল্পকর্মৰ বাবে অকল প্রশংসিত হোৱাই নহয়, ইণ্ডিয়া বুক অৱ ৰেকর্ডছত ৰাষ্ট্রীয় ৰেকর্ড–আছাম বুক অৱ ৰেকর্ডছত বিশ্ব ৰেকর্ড গঢ়িবলৈ সক্ষম হোৱাৰ লগতে এছিয়া বুক অৱ ৰেকর্ডছতো নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷

শিল্পী হিমা ডেকাই জানিবলৈ দিয়া মতে গুৰিসহ পাৰৰ পাখিটোৰ দৈর্ঘ্য হৈছে ১৪.৫ চেণ্টিমিটাৰ৷ ইয়াৰে ১২ চেণ্টিমিটাৰ দৈর্ঘ্যৰ পাখিটোত ২০গৰাকী মহিলা স্বাধীনতা সংগ্রামীৰ প্রতিকৃতি ১৪ ঘণ্টাৰ ভিতৰত অংকন কৰা হৈছে৷ ০.৬ৰ পৰা ১.২ চেণ্টিমিটাৰ জোখৰ একোখন প্রতিকৃতি অংকন কৰোঁতে প্রায় ৩০–৪৫ মিনিট সময়ৰ প্রয়োজন হৈছিল বুলি চিত্রশিল্পীগৰাকীয়ে জানিবলৈ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *