নগাঁৱৰ খাটোৱালত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম, আৰক্ষীক তৰোৱালেৰে চলাইছিল আক্ৰমণ

নগাঁৱৰ খাটোৱালত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষ, গুলীবিদ্ধ গাড়ীচালকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। খাটোৱাল থানাৰ আৰক্ষী বিষয়াগৰাকীক তৰোৱালেৰে আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে।

Abductors demanding Rs5.5m ransom killed in police encounter

নগাঁৱৰ খাটোৱালত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম নিহত । খাইৰুলৰ ঘৰ চামগুৰিৰ গেৰুৱামুখত। পু্ৱতিনিশা সংঘটিত হৈছে এই সংঘৰ্ষ আৰক্ষী লগত ।

 

খাইৰুলে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল, ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত হৈছে খাটোৱালৰ আৰক্ষী বিষয়া আলোক দত্ত গুপ্তা। গুলীবিদ্ধ হৈছে খাটোৱাল থানাৰ গাড়ীচালক উৎপল বৰুৱা। সম্প্ৰতি দুয়োকে চিকিৎসা প্ৰদান কৰি থকা হৈছে নগাঁও অসামৰিক চিকিৎসালয়ত।

 

গুলীবিদ্ধ গাড়ীচালকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। খাটোৱাল থানাৰ আৰক্ষী বিষয়াগৰাকীক তৰোৱালেৰে আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *