নাৰী সৰবৰাহকাৰীৰ ভয়ংকৰ জাল! নগাঁৱৰ কচুৱাত নাবালিকাক বিয়া পাতিবলৈ আহি ধৰা পৰিল নকল দৰাসহ চাৰিজন

আটকাধীন নাৰী সৰবৰাহকাৰী চক্ৰৰ লোক কেইজন হ’ল ৰাজস্থানৰ মুকেশ কুমাৰ, ৰাকেশ কুমাৰ, নগাঁৱৰ ৰাম বাবু আৰু এগৰাকী মহিলা৷

 

অসমত পুনৰ নাৰী ব্যৱসায়ী চক্ৰ৷ বিয়াৰ প্ৰলোভনৰে অসমৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ হয় কিশোৰী–যুৱতী৷ নগাঁৱৰ কচুৱাত ৰাইজৰ হাতত আটক হ’ল মহিলাসহ চাৰি নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত লোক৷ সুদূৰ ৰাজস্থানৰ পৰা আহি নাৰী ব্যৱসায় কৰা এটা কুখ্যাত চক্ৰক কচুৱাৰ পণ্ডিটঘাটৰ ৰাইজে আটক কৰি কচুৱা আৰক্ষীক চমজাই দিয়ে৷

 

আটকাধীন নাৰী সৰবৰাহকাৰী চক্ৰৰ লোক কেইজন হ’ল ৰাজস্থানৰ মুকেশ কুমাৰ, ৰাকেশ কুমাৰ, নগাঁৱৰ ৰাম বাবু আৰু এগৰাকী মহিলা৷ জানিব পৰা মতে, ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰে নগাঁৱৰ মহিলাগৰাকী আৰু পূজাৰী ৰাম বাবুৰ সহযোগত কচুৱা পণ্ডিটঘাটৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী চৈধ্য বছৰীয়া নাবালিকা কিশোৰীক বিয়াৰ প্ৰলোভন দিয়ে৷ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক সোমবাৰে আনুষ্ঠানিকভাৱে বিয়া কৰাই নিবলৈ অহা চক্ৰটোৰ সকলো ৰহস্য ফাদিল হৈ পৰে৷

 

যোৱা সপ্তাহত ছাত্ৰীগৰাকীৰ পিতৃক দহ হাজাৰ টকা বিয়াৰ বাবত দি গৈছিল নাৰী সৰবৰাহকাৰী চক্ৰটোৱে৷ পূজাৰী ৰামবাবু আৰু মহিলাগৰাকীক লগত লৈ নকল বেশধাৰী দৰা ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰ সোমবাৰে কইনাৰ ঘৰত উপস্থিত হয়৷

 

নাবালিকা কইনাই কথাটো গম পাই স্থানীয় লোকক অৱগত কৰাৰ লগতে দৌৰি পলাই গৈ এঘৰত আশ্ৰয় লয়৷ তৎক্ষণাত পণ্ডিটঘাট আৰু শিঙিমাৰীৰ তিনিজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকে ৰাইজৰ সহযোগত চক্ৰটোৰ এগৰাকী মহিলাসহ চাৰিজনক আটক কৰি আৰক্ষীক গতাই দিয়ে৷

 

কচুৱা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখি চক্ৰটোৰ পৰা নগদ ধন, সেন্দুৰৰ টেমা আৰু ফুলৰ মালা উদ্ধাৰ কৰে৷ জানিব পৰা মতে, ধৃত নাৰী ব্যৱসায় চক্ৰটোৱে দীৰ্ঘদিন ধৰি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী–যুৱতীক বিয়াৰ প্ৰলোভন দি ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল৷ ইতিমধ্যে কচুৱা আৰক্ষীয়ে চাৰিওটা অপৰাধীক নগাঁও জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *