বৰপেটা আৰক্ষীৰ জালত ২৯জন জুৱাৰী, ভাড়াঘৰত মুকলিকৈ চলাইছিল জুৱাৰ বেহা

আবুবক্কৰ চিদ্দিক নামৰ এজন লোকৰ তত্বাৱধানত জনিয়া চহৰৰ এটা ভাৰাঘৰত দীৰ্ঘদিনৰ পৰা মুকলিকৈ চলি আহিছিল জুৱা৷

 

মদ, ড্ৰাগছ আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান৷ বৰপেটাৰ জনিয়াত জুৱাৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান৷

আৰক্ষীৰ অভিযানত আটক ২৯ জনকৈ জুৱাৰী৷

 

আবুবক্কৰ চিদ্দিক নামৰ এজন লোকৰ তত্বাৱধানত জনিয়া চহৰৰ এটা ভাৰাঘৰত দীৰ্ঘদিনৰ পৰা মুকলিকৈ চলি আহিছিল জুৱা৷ আজি বৰপেটা আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত অভিযান চলাই জুৱা খেলি থকা অৱস্থাতে ২৯জনকৈ জুৱাৰীক আটক কৰে আৰক্ষীয়ে৷

 

জুৱাৰীৰ দলটোৰ পৰা ২০টা মোবাইল ফোন, ৪০ হাজাৰ টকা, তাচপাত, ঝাণ্ডিমুণ্ডাৰ সামগ্ৰী আদি জব্দ কৰে আৰক্ষীয়ে৷ বৰপেটা জিলাত পূৰ্বৰ আৰক্ষী অধীক্ষকৰ কাৰ্যকালত ৰাইজে অভিযোগ দিয়াৰ পিছতো জিলাখনৰ কিছুমান স্থানত মুকলিকৈ অব্যাহত আছিল জুৱাখেল।

স্থানীয় লোকে বিভিন্ন সময়ত প্ৰশাসনক অৱগত কৰাৰ পিছতো মুকলিকৈ চলাই আহিছিল, ঝাণ্ডিমুণ্ডা, তীৰ, শেষ নম্বৰৰ লটাৰী৷

 

শেহতীয়াভাৱে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলৈয়ে অবৈধ সুৰা, ড্ৰাগছ আদিৰ লগতে জুৱাৰ বিৰুদ্ধে চলাই থকা অভিযানক আদৰণি জনাইছে ৰাইজে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *