‘মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যৰ্থ, কোনো প্ৰতিশ্ৰুতিয়ে পালন কৰিব পৰা নাই’ – ক’লে ভূপেন বৰাই

Today Political News Assam: ভূপেন বৰাই ৰূপজ্যোতি কুৰ্মীয়ে তিতাবৰ সমষ্টিৰ বিধায়কৰ বিজেপি গমন সন্দৰ্ভত কোৱা মন্তব্যৰ বিৰোধিতা কৰি  কয় যে ৰূপজ্যোতি কুৰ্মীৰ নিজৰ কথাৰেই গুৰুত্ব নাই।

 

নগাঁও জিলাৰ ৰহাত বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি ভূপেন বৰা উপস্থিত হয়। সভাপতিগৰাকীয়ে ৰহালৈ আহি প্ৰথমে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭১ সংখ্যক মৃত্যু তিথি উপলক্ষে ৰহাস্থিত গোপীনাথ বৰদলৈ সংগ্ৰহালয়ত উপস্থিত হৈ লোকপ্ৰিয়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Congress' existential crisis

ইয়াৰ পিছতে কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতিগৰাকীয়ে নগাঁও জিলা ক‌ংগ্ৰেছ কমিটীৰ উদ্যোগত ৰহা ব্লক কংগ্ৰেছ আৰু কঠিয়াতলী ব্লক ক‌ংগ্ৰেছৰ সৌজ্যনত ৰহাত অনুষ্ঠিত হোৱা এক দলীয় সভাতো অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কেবিনেট মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যৰ্থ। কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা বুলি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আগন্তুক উপ–নিৰ্বাচন কংগ্ৰেছৰ প্ৰত্যাহ্বান নহয় বুলি মন্তব্য কৰে বৰাই।

 

ইপিনে ৰূপজ্যোতি কুৰ্মীয়ে তিতাবৰ সমষ্টিৰ বিধায়কৰ বিজেপি গমন সন্দৰ্ভত কোৱা মন্তব্যৰ বিৰোধিতা কৰি ভূপেন বৰাই কয় যে ৰূপজ্যোতি কুৰ্মীৰ নিজৰ কথাৰেই গুৰুত্ব নাই। তেওঁক মাকে সপোনত আহি কথা কোৱাৰ পিছতো কোনো গুৰুত্ব নাই। তেওঁৰ কথা আমি কি গুৰুত্ব দিম। বৃহস্পতিবাৰে ক‌ংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিগৰাকীক সংগ দিয়ে ৰহাৰ বিধায়ক শশীকান্ত দাস, অসীমা বৰদলৈ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী প্ৰমুখ্যে জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *