Cheer For India: তিনিবাৰৰ অলিম্পিক চেম্পিয়ন অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা হকী দল ছেমি ফাইনেলত

Tokyo Olympics ভাৰতীয় মহিলা হকী দলে ইতিহাস সৃষ্টি কৰিছে। ভাৰতীয় মহিলা হকী দলটোৱে প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰে। Tokyo Olympics ভাৰতীয় মহিলা হকী দলটোৱে ২০১৬ RIO অলিম্পিকত দ্বাদশ স্থান লাভ কৰিছিল। লগতে ১৯৮০ চনত দলটো চতুৰ্থ স্থানত আছিল। অৱশ্যে, সেই সময়ত কোনো ছেমি ফাইনেল হোৱা নাছিল। পুল মেচৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি শীৰ্ষ ৩ টা দলৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পূৰ্বে, ভাৰতীয় পুৰুষ দলেও ছেমিফাইনেললৈ আগবাঢ়িছিল আৰু পদকৰ আশা বজাই ৰাখিছিল।

Image

Image Source – Hockey India

Indian Women Hockey Team খেলখনত ভাল আৰম্ভণি কৰিছিল, যদিও ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়ো দলে প্ৰথম কোৱাৰ্টাৰত গ’ল কৰিব নোৱাৰিলে। গুৰজিৎ কৌৰে ২২ মিনিটত পেনাল্টি কৰ্ণাৰত গ’ল কৰি ভাৰতীয় দলটোক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে। অৰ্ধ-সtময়লৈকে গ’লৰ সংখ্যা সেইটোৱেই আছিল। তৃতীয় কোৱাৰ্টাৰত কোনো গ’ল নাছিল আৰু ভাৰতীয় দলটো ১-০ ত আগবাঢ়ি আছিল। চতুৰ্থ কোৱাৰ্টাৰত, অষ্ট্ৰেলিয়াই তীব্ৰ আক্ৰমণ কৰিছিল আৰু একেৰাহে দুটা কৰ্ণাৰ অৰ্জন কৰিছিল। তেওঁলোকে মেচখনত মুঠ ৯ টা পেনাল্টি কৰ্ণাৰ পাইছিল, কিন্তু গ’ল কৰিব নোৱাৰিলে। ভাৰতীয় দলটোৱে মাত্ৰ এটা কৰ্ণাৰ পাইছিল আৰু ইয়াত গ’ল কৰি বিজয় নিশ্চিত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *