Climate Change : উত্তৰ পূৱৰ ৰাজ্যৰ কাৰণে বিপদ ঘণ্টা, গলিছে হিমালয়ৰ হিমবাহ; খহিছে তুষাৰ আৱৰণ

এই পৰিঘটনাই অনাগত দিনত খোৱা পানী যোগান, জলসিঞ্চন, শক্তি উৎপাদন, পাৰিপাৰ্শ্বিক সন্তুলন, কৃষি উৎপাদন, বন সংৰক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা আদিত বিৰূপ প্ৰভাৱ পেলাব ।

 

শিল্প বিপ্লৱৰ পিছত মানৱ জাতিৰ প্ৰকৃতিৰ ওপৰত চলা নিৰন্তৰ নিৰ্মম অত্যাচাৰে বিপদ ঘণ্টা নমাই আনিছে উত্তৰ পূৱৰ ৰাজ্য কেইখনলৈ । কেৱল উত্তৰ পুৱেই নহয় হিমালয়ৰ পাদদেশৰ দেশৰ গোটেই কেইখন ৰাজ্য ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ব । Inter-Governmental Panel on Climate Change চমুকৈ IPCCএ সোমবাৰে ৰাজহুৱা কৰা গৱেষণা পত্ৰত প্ৰকাশ পাইছে এই কথা । গৱেষণা পত্ৰত সদৰী কৰা মতে গোলকীয় উষ্ণতাৰ (Global Warming) ফলত হিমালয়ৰ হিমবাহ (Glacier) গলিব ধৰিছে লগতে স্খলন হৈছে তুষাৰ আৱৰণ (Snow Cover)ৰো । পাহাৰত হিমায়িতকৰণৰ উচ্চতা বৃদ্ধি পাইছে । অৰ্থাৎ পূৰ্বতে যদি কম উচ্চতাত হিমাংক পৰিলক্ষিত হৈছিল; এই পৰিঘটনাৰ পিছত ইয়াৰ উচ্চতা বৃদ্ধি হ’ব । ফলত অনাগত দশক সমূহত বৰফাবৃত্তৰ পৰিসৰ ব্যাপক ভাৱে কমিব ।

 

গৱেষণা পত্ৰত উল্লেখ কৰা মতে সুদীৰ্ঘ দুহেজাৰ বছৰৰ ভিতৰত পৰ্বতমালাৰ শিখৰত এনে উষ্ণতা বৃদ্ধি আৰু তুষাৰ গলাৰ ঘটনা পৰিলক্ষিত হৈছে । মানৱৰ ক্ৰিয়া কৰ্মৰ ফলত বায়ুমণ্ডলৰ বৰ্দ্ধিত এঙাৰ গেছ আৰু ট্ৰপস্ফেয়াৰত বৰ্ধিত অ’জন গেছৰ কাৰণে এনে বিপদ সংকুল পৰিৱেশৰ সূত্ৰপাত হৈছে বুলি গৱেষণাত উল্লেখ কৰা হৈছে ।

 

ইয়াৰ কাৰণে হিমালয়ৰ পাদদেশৰ ৰাজ্য কেইখনে জল চক্ৰ আৰু বৃষ্টিপাতৰ পৰিবৰ্তন, বানপানী আৰু খৰাং আদিৰ সন্মুখীন হোৱাৰ আশংকা প্রকাশ কৰা হৈছে গৱেষণা পত্ৰত । অতি সম্প্ৰতি পাহাৰীয়া অঞ্চলত দেখা দিয়া প্ৰবল বৃষ্টিপাত আৰু ভুস্খলন এই তুষাৰ আৱৰণৰ পতনৰ ফলতে হৈছে বুলিও কোৱা হৈছে গৱেষণা পত্ৰত ।

 

গৱেষণা পত্ৰখনৰ লেখক অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিবৰ্তন প্ৰতিষ্ঠানৰ সহযোগী নিৰ্দেশক ড৹ ফ্ৰেডৰিক অট্ট’ (Friederike Otto)ৰ মতে এইয়া এদিন-দুদিনত হোৱা পৰিঘটনা নহয়। গোটেই বিংশ শতিকাটোত মানুহ বিভিন্ন স্তৰত নিজৰ স্বাৰ্থৰ কাৰণে কৰা কিছুমান কামৰ কাৰণে এইয়া ঘটিবলৈ পাইছে । আৰু ইতিমধ্যে হ’বলগীয়া খিনি হৈ গৈছে । এতিয়াৰ পৰা কাৰ্বন নিৰ্গমন হ্ৰাস কৰিলেও একো ফল পোৱা নাযাব । এই পৰিঘটনাই অনাগত দিনত খোৱা পানী যোগান, জলসিঞ্চন, শক্তি উৎপাদন, পাৰিপাৰ্শ্বিক সন্তুলন, কৃষি উৎপাদন, বন সংৰক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা আদিত বিৰূপ প্ৰভাৱ পেলাব ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *