Coronavirus In India: ক্ৰমান্বয়ে কমি আহিছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ২.৭৬ লাখ

Coronavirus In India: স্বাস্থ্য আরু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত ক্ৰমান্বয়ে কমি আহিছে কোৰোণাত আক্ৰান্তৰ মানুহৰ সংখ্যা। দেশত যোৱা ২৪ ঘণ্টাত ২,৭৬,১১০জন লোক কোৰোণাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩,৮৭৪ জন লোকৰ। লগতে ৩,৬৯,০৭৭জন লোক সুস্থ হৈ উঠিছে এই সময়ছোৱাত।

স্বাস্থ্য আরু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য মতে, দেশত বৰ্তমান ৩১,২৯,৮৭৮টা সক্ৰিয় ঘটনা আছে। এতিয়ালৈ ২,২৩,৫৫,৪৪০জন লোক সুস্থ হৈ উঠিছে আৰু ২,৮৭,১২২জন লোকৰ মৃত্যু হৈছে।

মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়ালৈ ১৮,৭০,০৯,৭৯২ জন লোকৰ টিকাকৰণ কৰা হৈছে, য’ত ১১,৬৬,০৯০ জন লোকৰ টিকাকৰণ বুধবাৰে সম্পন্ন হল। আনহাতে, আই চি এম আৰে জানিবলৈ দিয়া মতে দেশত এতিয়ালৈ ৩২,২৩,৫৬,১৮৭জন লোকৰ পৰীক্ষা কৰা হৈছে, য’ত ২০,৫৫,০১০জনৰ পৰীক্ষা বুধবাৰে কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *