Hojai Student Protest : ‘আমাক পাছ কৰাই দিয়ক’ – হোজাইত মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ

Hojai Student Protest – মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীসকলে তেওঁলোকক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।

 

মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ হোজাইত অব্যাহত আছে । আজি দুপৰীয়া হোজাইৰ গান্ধী বিদ্যাপীঠ হাইস্কুলত একাংশ ছাত্ৰ–ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীসকলে তেওঁলোকক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।

 

বিদ্যালয়ৰ প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীসকলে প্ৰৱেশ দ্বাৰত বহি প্ৰতিবাদ কৰাৰ লগতে প্ৰধান শিক্ষকে অনুত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীক মার্কশ্বীট নিদিয়াৰ অভিযোগ তুলি প্ৰধান শিক্ষক মুর্দাবাদ, আমাক ন্যায় লাগে আদি শ্লোগান দি উত্তাল কৰি তোলে বিদ্যালয়ৰ চৌহদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *