PM Shram Yogi Man Dhan Pension: কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ আঁচনি, মাত্র ২ টকা বিনিয়োগ কৰিলে ৩৬ হাজাৰ টকাৰ পেঞ্চন, জানি লওক সবিশেষ

PM Shram Yogi Man Dhan Pension: প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা (PM Shram Yogi Man Dhan Yojna) বিশেষকৈ অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আঁচনি৷ ৰিক্সাচালক (Rickshaw Pullar), কুলী (Coolie), মিস্ত্ৰী (Mason) কে ধৰি বিভিন্ন অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে ই এক ডাঙৰ প্ৰকল্প।

Currency update today: Indian Rupee against foreign currency on June 18, 2021

বৃদ্ধ বয়সক অধিক সমৃদ্ধ তথা সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ (Narendra Modi Government) দ্বাৰা জীৱন শক্তিশালী কৰা এই আঁচনি। এই আঁচনি অনুযায়ী প্ৰতিদিনে ২ টকা ৰাহি কৰিলে বছৰি ৩৬,০০০ টকাৰ পেঞ্চন প্ৰদান কৰিব। 

 প্ৰতি মাহে মাত্ৰ ৫৫ টকা জমা কৰিলে প্ৰতি মাহে ৩,০০০ টকাৰ গেৰাণ্টিযুক্ত পেঞ্চনৰ ডাঙৰ সুযোগ এয়া। ১৮ বছৰ বয়সৰ যিকোনো ভাৰতীয়ই মাহে ৫৫ টকাকৈ জমা কৰিলে ৬০ বছৰৰ পিছত প্ৰতি মাহে ৩,০০০ টকাৰ পেঞ্চন পাব। (প্ৰতীকী ছবি)

প্ৰতি মাহে মাত্ৰ ৫৫ টকা জমা কৰিলে প্ৰতি মাহে ৩,০০০ টকাৰ গেৰাণ্টিযুক্ত পেঞ্চনৰ ডাঙৰ সুযোগ এয়া। ১৮ বছৰ বয়সৰ যিকোনো ভাৰতীয়ই মাহে ৫৫ টকাকৈ জমা কৰিলে ৬০ বছৰৰ পিছত প্ৰতি মাহে ৩,০০০ টকাৰ পেঞ্চন পাব। 

 

যদি এজন ব্যক্তিয়ে ৪০ বছৰ বয়সত এই আঁচনিত বিনিয়োগ কৰা আৰম্ভ কৰিছে, তেন্তে তেওঁ ৬০ বছৰৰ পিছত মাহিলি ৩,০০০ টকাৰ পেঞ্চন লাভ কৰিব। ৪০ বছৰত প্ৰধানমন্ত্ৰীৰ শ্ৰমযোগী মানধন যোজনাত বিনিয়োগ আৰম্ভ কৰে, তেন্তে আপুনি প্ৰতি মাহে ২০০ টকা পৰিশোধ কৰিব লাগিব৷

 

আঁচনিখনৰ বাবে আৱেদন কৰা ব্যক্তিজনৰ এটা বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড থাকিব লাগিব। বয়স ১৮ৰ পৰা ৪০ বছৰ হ’ব লাগিব। অৱশ্যে, দেশৰ নাগৰিকসকলৰ মাজত এনে এজন ব্যক্তি আছে, যি কোনো চৰকাৰী আঁচনি লাভ কৰা নাই বা যাৰ মাহিলি দৰমহা ১৫,০০০তকৈ কম, তেওঁ হৈছে আঁচনিখনৰ প্ৰকৃত দাবীদাৰ।

PM Shram Yogi Man Dhan Pension Helpline Number

কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ বাবে শ্ৰম বিভাগৰ কাৰ্যালয়, এলআইচি, ইপিএফঅ’ত শ্ৰমিক সুবিধা কেন্দ্ৰৰ ব্যৱস্থা কৰিছে৷ শ্ৰমিক যোজনাৰ বিষয়ে তথ্য এই কাৰ্যালয়লৈ গৈ লাভ কৰিব পাৰি৷ কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ বাবে এইটো টোল ফ্ৰী নম্বৰ ১৮০০২৬৭৬৮৮৮ (18002676888) জাৰি কৰিছে৷ এই সংখ্যাটোৰ জৰিয়তে অতিৰিক্ত তথ্য প্ৰাপ্ত কৰিব পাৰি৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *