Suicide or Murder ? বিয়াৰ ছমাহ পিছতেই কেনেকৈ মৃত্য়ু হ’ল দীপাঞ্জলিৰ ? মৃত মহিলাৰ স্বামীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ !

যৌতুকৰ বাবে বোৱাৰী হত্যাৰ অভিযোগ ৰঙিয়াৰ তৰণীত। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ স্বামী পৰিয়ালৰ বিৰুদ্ধে । বিবাহৰ ছমাহ পিছতেই মৃত‍্যুক আকোৱালি ললে এগৰাকী বোৱাৰীয়ে ।

 

যৌতুকৰ বাবে বোৱাৰী হত্যাৰ অভিযোগ ৰঙিয়াৰ তৰণীত । হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ স্বামী পৰিয়ালৰ বিৰুদ্ধে । বিবাহৰ মাত্ৰ ছমাহ পিছতেই মৃত‍্যুক আকোৱালি ললে এগৰাকী বোৱাৰীয়ে । বোৱাৰীগৰাকী হৈছে ৰঙিয়া তৰণীৰ দীপাঞ্জলী কলিতা ।

Lockdown blues: Ludhiana records suicide a day | Cities News,The Indian  Express

দীপাঞ্জলীৰ মৃত্যু এক পৰিকল্পিত হত‍্যাকাণ্ড বুলি অভিযোগ আনিছে মাতৃ পৰিয়ালে । যৌতুক দিব নোৱাৰাৰ বাবে স্বামী সঞ্জীৱ কলিতাই পৰিকল্পিতভাৱে নিজ পত্নী দীপাঞ্জলীক হত্যা কৰা বুলি তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মাতৃ পৰিয়ালে । আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সঞ্জীৱ কলিতাক । অভিযোগ অনুসৰি দীপাঞ্জলীৰ বিয়াৰ পিছৰে পৰা স্বামীয়ে যৌতুক বিচাৰি দীপাঞ্জলীক শাৰীৰিক তথা মানসিক অত‍্যাচাৰ চলাই আহিছিল । এদিন পূৰ্বে জোঁৱাই সঞ্জীৱ কলিতাই ফোন কৰি দীপাঞ্জলীৰ অসুখৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জনায় । সেইমৰ্মে পিতৃয়ে জীয়ৰীৰ খবৰ লবলৈ গৈ গম পাই যে ফেনত চিপজৰী লৈ থকা অৱস্থাত দীপাঞ্জলীৰ মৃতদেহ উদ্ধাৰ হৈছে । ইয়াৰ পিছতেই দীপাঞ্জলীৰ পৰিয়ালে জোঁৱায়েক সঞ্জীৱ কলিতাৰ বিৰুদ্ধে হত্যা আৰু যৌতুক বিচাৰি অত‍্যাচাৰ কৰা বুলি আৰক্ষীৰ ওচৰত গোচৰ তৰে । সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত সঞ্জীৱ কলিতাক গ্ৰেপ্তাৰ কৰে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *