Tragic Story : পিতৃ-মাতৃহাৰা যোৰহাটৰ তিনি কণমানিলৈ সহায়ৰ হাত, NEWS18ৰ বাতৰিৰ পিছতে তৎপৰ সমাজ কল্যাণ বিভাগ।

কণমানি তিনিটালৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সুবিধাৰ্থে স্থানীয় বেংকৰ সহযোগত বেংক একাউণ্ট খোলাৰ সন্দৰ্ভতো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। 

 

যোৰহাটৰ তিনি পিতৃ-মাতৃহীন কণমানিৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে চৰকাৰ। দেওবাৰে NEWS18ত প্ৰকাশ হৈছিল কণমানি তিনিটিৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী। ১৩ বছৰীয়া পাপুলী বৰা নামৰ ছোৱালীজনীয়ে দিন হাজিৰা কৰি কেনেদৰে পোহপাল দি আছে কণমানি দুই ভাতৃক সেই কাহিনী দেখি-পঢ়ি অন্তৰাত্মা কঁপি উঠিছিল লাখ লাখ লোকৰ।

 

যোৰহাট জিলাৰ দহোটীয়াস্থিত খঙীয়া গাঁৱৰ  তেৰ বছৰীয়া কণমানি পাপুলি বৰাই নিজৰ ভৱিষ্যতৰ কথা পাহৰি পিতৃ-মাতৃহাৰা কণমানি ভাতৃদ্বয় মৃন্ময় আৰু অভিৰাজৰ দায়িত্ব ল’বলগীয়া হৈছে ৷ চাওক NEWS18ত সম্প্ৰচাৰিত সেই হৃদয়বিদাৰক প্ৰতিবেদন-

 

গাঁৱৰ কেইজনমান সচেতন যুৱকে থাকিব পৰাকৈ সাজি দিয়া বাঁহৰ ঘৰটোত তিনিওটি শিশু থাকে অকলে। পিতৃ-মাতৃয়ে অকালতে নিঠৰুৱা কৰি এৰি যোৱাৰ পিছত দুই কণমানি ভায়েক মৰমৰ আচ্ছাদনেৰে কেনেদৰে ঢাকি ৰাখিছিল নেদেখিলে সেই কথা উপলব্ধি কৰাই টান। পাপুলি আৰু দুই ভাতৃক সহায় কৰিবলৈ আহ্বান জনাইছিল গাঁৱৰ যুৱককেইজনে।  অৱশেষত NEWS18ৰ বাতৰিৰ পিছত ঠোৰহাট সমাজ কল্যাণ বিভাগ আগবাঢ়ি আহিছে সহায়ৰ বাবে।

 

যোৰহাট জিলা শিশু সুৰক্ষা বিষয়া আৰু জিলা সমাজ কল্যাণ বিষয়াই সোমবাৰে কণমানি তিনিটাৰ খবৰ লয়। কিছু প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আগলৈ কি কৰিব পৰা যায় সেই কথা বিবেচনা কৰিছে সমাজ কল্যাণ বিভাগে।

 

উল্লেখ্য যে কণমানি তিনিটালৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সুবিধাৰ্থে স্থানীয় বেংকৰ সহযোগত বেংক একাউণ্ট খোলাৰ সন্দৰ্ভতো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। শিশুকেইগৰাকীক অধিক সহযোগিতা আগবঢ়োৱাৰ সম্পৰ্কে যোৰহাট জিলাৰ শিশু কল্যাণ সমিতিয়ে(CWC) এখন ভাৰ্চুৱেল বৈঠকো অনুষ্ঠিত কৰে।

News Source – NEWS18

Leave a Reply

Your email address will not be published. Required fields are marked *