Twitter ত Online দেহ ব্যৱসায় চক্ৰ ! গুৱাহাটীৰ যুৱতীৰ ফটো, ফোন নম্বৰসহ লোভনীয় অফাৰেৰে জালত পেলাইছিল গ্ৰাহকক, তাৰ পিছত…

Today News Assam: Tweet ত ভাইৰেল হোৱাৰ পিছতে চকু পৰিছিল অসম আৰক্ষীৰ ৷ লগে লগে টুইট যোগে ADGP জি পি সিঙে মহানগৰ আৰক্ষীক তদন্তৰ নিদেৰ্শ দিছিল ৷ কিন্ত তদন্ত প্ৰক্ৰিয়া আগবঢ়াত পোহৰলৈ আহিছে চক্ৰটোৰ প্ৰবঞ্চনাৰ আঁৰৰ কাহিনী ৷

Twitter ত বিগত কেইটামান দিন ধৰি চৰ্চিত হৈ আছিল এটা escort চাৰ্ভিচৰ বিজ্ঞাপন ৷এটা দুষ্টচক্ৰই যুৱতীৰ ফটো-ফোন নম্বৰ সহ টুইটাৰত আপলোড কৰিছিল সকলো তথ্য ৷

Twitter tells users to be nice and think twice before replying - BBC News

Tweet টো ভাইৰেল হোৱাৰ পিছতে চকু পৰিছিল অসম আৰক্ষীৰ ৷ লগে লগে টুইট যোগে ADGP জি পি সিঙে মহানগৰ আৰক্ষীক তদন্তৰ নিদেৰ্শ দিছিল ৷ কিন্ত তদন্ত প্ৰক্ৰিয়া আগবঢ়াত পোহৰলৈ আহিছে চক্ৰটোৰ প্ৰবঞ্চনাৰ আঁৰৰ কাহিনী ৷ লোভনীয় অফাৰে গ্ৰাহকক জালত পেলাই লুটি নিয়ে এই দুষ্ট চক্ৰটোৱে ৷ এই চক্ৰটো নিয়ন্ত্ৰণ হৈ আহিছে গুজৰাটৰ পৰা ৷ গুজৰাটৰ দুষ্ট চক্ৰটোৱে online দেহ ব্যৱসায়ৰ নামত চলাই আহিছিল প্ৰৱঞ্চনা ৷ইতিমধ্যে মহানগৰ ক্ৰাইম বাঞ্চে দুষ্ট চক্ৰটোৰ তথ্য লাভ কৰি আগবঢ়াই নিছে তদন্ত প্ৰক্ৰিয়া ৷ কিন্ত ইতিমধ্যে বহুজনে চক্ৰটোৰ জালত পৰি হেৰুৱাইছে ধন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *