Zika Virus : কোৰোণাৰ পিছত পুনেৰ ৭৯খন গাঁৱত এইবাৰ জিকা ভাইৰাছৰ আতংক

পুনেৰ বেলছৰ গাঁৱত জিকা ভাইৰাছৰ প্ৰথমজন ৰোগী ধৰা পৰিছে।

 

এতিয়াও কোৰোণাৰ (Coronavirus) গ্ৰাসৰ পৰা মুক্ত হোৱা নাই মহাৰাষ্ট্ৰত । তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ আন এক বিপদে দেখা দিছে। মহাৰাষ্ট্ৰত জিকা ভাইৰাছ (Zika Virus) ৰ আতংক বৃদ্ধি পাইছে। পুনেত জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছত প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিছে আৰু ৭৯খন গাঁৱত জিকা ভাইৰাছৰ বিপদৰ আশংকা প্ৰকাশ কৰিছে। জিকা ভাইৰাছৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে এতিয়াৰে পৰা সজাগ হৈ পৰিছে।

Maharashtra reports first case of Zika virus infection in 50-year-old woman  from Pune district | Pune News

উল্লেখযোগ্য যে পুনেৰ বেলছৰ গাঁৱত জিকা ভাইৰাছৰ প্ৰথমজন ৰোগী ধৰা পৰিছে। জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছত পুনেৰ স্বাস্থ্য বিভাগে প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈছে। এই বৈঠকত সকলো গাঁও পঞ্চায়ত আৰু স্থানীয় প্ৰশাসনক সতৰ্ক কৰি দিয়া হৈছে। স্বাস্থ্য বিভাগৰ মতে, পুনেৰ ৭৯খন গাঁৱত জিকা ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জিলা কালেক্টৰ ৰাজেশ দেশমুখে বৈঠকত সেই জিলা আৰু গাঁৱৰ তালিকা প্ৰকাশ কৰে য’ত বিগত কিছু বছৰৰ পৰা জিকা, ডেংগু আৰু চিকনগুণিয়াৰ দৰে ৰোগী দ্ৰুতগতিত বৃদ্ধি পাই আহিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *